জাতীয়তাবাদৰ প্ৰসংগত
আশীৰ দশকৰ আৰম্ভণিত কলেজৰ দুৱাৰডলি গচকা আমাৰ সমসাময়িক সকলোৰে বাবে অসম আন্দোলন এতিয়া এক নষ্টালজিয়া ৷ পুৱা কটন কলেজৰ হোষ্টেলৰ পৰা শ্ৰেণীকোঠাৰ পৰিবৰ্তে কেতিয়াবা উপায়ুক্ত কাৰ্যালয়ত ধৰ্না দিবলৈ আৰু আন কেতিয়াবা জজ্ ফিল্ডৰ বিৰাট সমাবেশলৈ ৷ পুলিচ, চি আৰ পিৰ খেদাখেদিত আমাৰ লগৰ কিমানৰ যে চেন্ডেলৰ ফিতা ছিগিল, কিমানৰ কিতাপৰ বেগ হেৰাল…..৷
মৰে অসম জীয়ে কোন , জীয়ে অসম মৰে কোন বুলি অসমৰ বিশাল জনতাক জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ কৰি সেই অবিস্মৰণীয় আন্দোলনটোৰ নেতৃত্ব লৈছিল একাংশ উজ্জীৱিত তৰুণে ৷ তেঁওলোকৰ অগ্নিময় ভাষণত ঠাই পাইছিল এটা জাতিৰ শক্তিশালী বুনিয়াদ গঢ়াৰ প্ৰতিজ্ঞা ৷ অসম চুক্তি স্বাক্ষৰেৰে ছবছৰীয়া আন্দোলনৰ ইতি পেলাই যেতিয়া অসম গণ পৰিষদ দলে ৰাইজৰ সীমাহীন সমৰ্থনেৰে চৰকাৰ গঠন কৰিছিল, তেতিয়া সকলোৰে বাবে কল্পনাৰো অগোচৰ আছিল যে এই আঞ্চলিক দলটোৱে এদিন অতি পুতৌ লগা পৰিস্থিতিত ৰাষ্ট্ৰীয় দল এটাৰ পৰা দুটামান সমষ্টিত টিকট পাবৰ বাবে ’হয় হুজুৰ’ হৈ পৰিব! যোৱা তিনিটা দশকৰ অসমৰ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই কেবল অসমত জাতীয়তাবাদী শিবিৰৰ সকৰুণ ইতিহাস লিপিবদ্ধ হ’ল ৷ এটা দল ক্ষমতাচ্যুত হোৱা আৰু আন এটা ক্ষমতাত অধিষ্ঠিত হোৱাটো নতুন কথা নহয় ৷ অকল্পনীয় বিফলতাৰে মুখথেকেচা খোৱাৰ পিচতো মূৰ ডাঙি উঠি পূৰ্বৰ ঠাইত অধিষ্ঠিত হোৱা ৰাজনৈতিক দলৰ উদাহৰণ ভাৰতবৰ্ষতে বহু আছে ৷ অসম গণ পৰিষদ দলে বহু ভুল কৰিলে আৰু তাৰ পৰিণাম স্বৰূপে ৰাইজে তেঁওলোকক ক্ষমতাচ্যুত কৰিলে ৷ প্ৰকৃত জাতীয়তাবাদৰ ভাবধাৰাৰে উদ্বুদ্ধ আৰু নিৰপেক্ষ অধিকাংশ নাগৰিকে ভাবিছিল যে নিজৰ দোষত এঘৰীয়া হোৱা এই দলটোৰ নেতাসকলে অনুতপ্ত হৈ আগৰ ভুল শুধৰাই লৈ পুনৰ নতুন উদ্যমেৰে দলীয় কাম-কাজ আৰম্ভ কৰিব ৷ কিন্তু ইয়াৰ বিপৰীতে বিভিন্ন চল-চাতুৰীৰে দলৰ নেতৃত্ব লাভ কৰিলে কেইজনমান সুবিধাবাদী নেতাই- ‘মন্ত্ৰীত্বই যাৰ শেষ পৰিণতি, এছেম্বলীয়েই যাৰ আশা’ ৷ নতুন নতুন মুখ সোমোৱাটো দূৰৰ কথা, তেঁওলোকৰ স্বেচ্ছাচাৰীতাত অতিষ্ঠ হৈ আঁতৰি গ’ল বহুকেইজন প্ৰতিভাশালী জনগোষ্ঠীয় নেতা ৷ এই পৰিস্থিতিৰ পূৰ্ণ সুযোগ লাভ কৰিলে জাতীয়তাবাদক নিঃশেষ কৰিবলৈ সুযোগৰ অপেক্ষাত থকা আগ্ৰাসী ৰাষ্ট্ৰীয় দলসমুহে ৷ এমুঠিমান সৎ আৰু প্ৰকৃত জাতীয়তাবাদী নেতাক বাদ দি সামগ্ৰিকভাৱে দলটোৰ নেতৃত্বৰ মাজত দেখা দিলে অৰিয়াঅৰি আৰু খামখেয়ালী ৷ আটাইতকৈ দূৰ্ভাগ্যজনক কথাটো হ’ল অসম মৰিলে আমিও মৰিম বোলা নেতাসকলে ক্ষমতাত নাথাকিলে কেৰিয়াৰ বৰবাদ আদৰ্শৰে উদ্বুদ্ধ হৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক অনেক নাটক কৰি উঠি সমৰ্থন জনালে ৷ এতিয়া ৰাষ্ট্ৰীয় দলৰ কৰুণাত নিজৰ নিজৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰিবলৈ উঠিপৰি লগা নেতাসকলে ইতিমধ্যে উপলব্ধি কৰিছে নেকি যে অসমত জাতীয়তাবাদৰ কোনো ভৱিষ্যত নাই ৷ উগ্ৰ জাতীয়তাবাদী কেতবোৰ কাৰ্যকলাপক সময়ে সময়ে সমালোচনা কৰি আহিলেও এটা কথা মানি লব লাগিব যে জাতীয়তাবাদ মানে বিচ্ছিন্নতাবাদ নহয় ৷ কেন্দ্ৰৰ সকলো কথাতে হয়ভৰ দিবলৈ বাধ্য হৈ নাথাকি ভৌগোলিক অৱস্থানেৰে কিছু নিলগৰ , বৈচিত্ৰ্যপূৰ্ণ সামাজিক -সাংস্কৃতিক পৰিস্থিতিৰ , বিভিন্ন জনগোষ্ঠীৰ এই ৰাজ্যখনৰ প্ৰকৃত সমস্যাবোৰ বলিষ্ঠ ৰূপত আঙুলিয়াই দিবলৈকে এটা জাতীয়তাবাদী দলৰ প্ৰয়োজন ৷ অসমৰ ক্ষেত্ৰত কেন্দ্ৰই বহুকেইটা সিদ্ধান্তই অবিবেচকী আৰু বেপৰোৱাভাবে গ্ৰহণ কৰিছে ৷ ইয়াৰে শেহতীয়া উদাহৰণ হৈছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ আইনেৰে অসমত জাপি দিব খোজা বিদেশী নাগৰিকৰ বোজা ৷ আঠশৰো অধিক ছহিদৰ বলিদানেৰে সমাপ্ত হোৱা অসম আন্দোলনৰ ফলত স্বাক্ষৰিত অসম চুক্তিক অবমাননা কৰা এই কান্ডৰ সময়তো একাংশ তথাকথিত ফায়াৰব্ৰেন্ড জাতীয়তাবাদী নেতা ব্যস্ত হৈ আছে ৰাষ্ট্ৰীয় দলক তোষামোদ আৰু কৰুণা ভিক্ষা কৰাত ৷ এই নেতাসকলে ভবাৰ ধৰণে অসমত এতিয়া জাতীয়তাবাদৰ পুলি-পোখা উভালি পৰিছে নেকি? নিশ্চয় নহয় ৷ ইয়াৰ বিপৰীতে প্ৰকৃত জাতীয়তাবাদী শক্তিৰ পুনৰুথ্বানৰ বাবে এয়াই হৈছে সুৱৰ্ণ সময় ৷ অসমৰ জনগণৰ অধিকাংশৰ মাজত এতিয়াও জাতীয়তাবাদী চিন্তাৰ ধাৰাবাহিকতা অটুট আছে ৷ বিশেষকৈ কোনোকালে নোহোৱা ধৰ্মৰ ভিত্তিত অসমক বিভাজন হ’বলৈ নিদিবৰ বাবেই এতিয়া অসমত প্ৰকৃতাৰ্থতে এটা ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী শক্তিৰ প্ৰয়োজন ৷ প্ৰলোভন নেওচি অথবা অন্য যি কাৰণতে নহওক এতিয়াও জাতীয়তাবাদৰ নীতি-আদৰ্শক জলাঞ্জলি নিদিয়াকৈ থকা মুষ্টিমেয় নেতাসকলে যদি ব্যক্তিগত স্বাৰ্থ বাদ দি একত্ৰিত ভাবে সৰ্বশক্তিৰে এই বিভাজনৰ ৰাজনীতিক প্ৰতিৰোধ কৰিব পাৰে , তেনে নেতাসকলক অসমৰ ৰাইজে এদিন নিশ্চয় আঁকোৱালি ল’ব ৷ আনহাতে অসমৰ জাতীয় স্বাৰ্থত , জাতীয় বৈশিষ্ট্যত আঘাট কৰা কেন্দ্ৰৰ আঁকোৰগোজ নীতয়ে অসমত বিচ্ছিন্নতাবাদ শক্তিশালী কৰাতহে সাৰ-পানী যোগাব ৷ আন্দোলনৰ ফলত কেবল শ্বহীদহে বাঢ়িব বুলি কৈ কনকলতা -মুকুন্দ কাকতি, অনিল বৰা-মোজাম্মিল হকৰ পৰা ছেম ষ্টেফৰ্ড-আব্দুল আমিনলৈে অসমৰ শ্বহীদক অপমান কৰা ৰাষ্ট্ৰীয় নেতাক সুধাকণ্ঠৰ ভাষাৰে উত্তৰ দিব লাগিব আজিৰ প্ৰকৃত জাতীয়তাবাদী নেতাই –’জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকিয়ালো এয়ে শেষবাৰ , সূৰ্য্যৰ ফালে চাই সংগ্ৰাম কৰিবলে অসমৰো আছে অধিকাৰ ৷ ’
হিন্দী চিনেমাৰ কেতবোৰ সংলাপ ইমানেই জনপ্ৰিয় হৈ পৰে যে বহুবছৰ ধৰি সেইবোৰ মানুহৰ মাজত চৰ্চিত হোৱাই নহয়, দেশৰ ৰাজনীতি, সমাজনীতি আদিত হয় ব্যাপক ব্যৱহাৰ৷ যেনে — “ ড’ন্ট আন্ডাৰ এষ্টিমেট দা পাৱাৰ অব দা কমন মেন”এই সাধাৰণৰ শক্তিৰ কথা বিশেষকৈ ৰাজনৈতিক দলসমুহে অনু…
Read Moreএটা ব্যস্ত ৰাতিপুৱা৷ এজন অন্ধ লোকে ৰাস্তাৰ কাষত ভিক্ষাপাত্ৰ এটা লৈ বহি আছে৷ কাষতে এবকলা পুৰণি ডাঠ কাগজত লিখি থৈছে এই কথাষাৰ — ‘মই অন্ধ৷ অনুগ্ৰহ কৰি মোক সহায় কৰক৷ ’ পাৰ হৈ যোৱা বহু বাটৰুৱাৰ মাজৰ দুই- একৰ বাহিৰে বিশেষ সঁহাৰি নাই৷ এনেতে তেওঁৰ সন্মুখৰে পাৰ হৈ যোৱা এগৰাকী যুৱতী হঠাৎ উভটি আহিল৷ যুৱতীয়ে ডাঠ কাগজৰ বকলাটোৰ ওলোটা পিঠিত খৰধৰকৈ কিবা এটা লিখিলে আৰু বাটৰুৱাই দেখাকৈ সেই কথাখিনি ৰাখি আঁতৰি গ’ল৷ অন্ধ ব্যক্তিজনে কেৱল যুবতীৰ জোতাযোৰ এবাৰ চুই চালে৷ ব্যক্তিজনক আচৰিত কৰি এইবাৰ বহু বাটৰুৱাই ভিক্ষা পাত্ৰটোলৈ দলিয়াই দি গ’ল খুচুৰা পইচা৷ বিয়লি কৰ্মক্ষেত্ৰৰ পৰা ওভতাৰ পৰত যুবতী পুণৰ কাষ চাপিল মানুহজনৰ৷ জোতাযোৰ চুই চাই চিনিব পাৰি তেওঁ কৈ উঠিল- ‘ কি লিখি দিলা তুমি কাগজখনত? ’ যুবতীৰ উত্তৰ- ‘ একেখিনি কথাই লিখিছো ৷ মাত্ৰ শব্দবোৰ বেলেগ৷’ এইবাৰ কাগজৰ বকলাটোত দেখা যায় যুবতীগৰাকীয়ে লিখা কথাখিনি৷ তেঁও লিখিছিল- ‘ ইমান সুন্দৰ এই ৰাতিপুৱাটো, কিন্তূ মই দৃষ্টিৰে উপভোগ কৰিব পৰা নাই৷’ মন চুই যোৱা এক ক্ষুদ্ৰ বিজ্ঞাপন ভিডিঅ৷
শব্দই সলনি কৰিব পাৰে সময়৷ সলনি কৰিব পাৰে হৃদয়৷ ইয়াৰ বিপৰীতে শব্দৰ অপপ্ৰয়োগে খুউব নীৰৱে প্ৰদুষিত কৰি তোলে এখন সমাজ৷ আমাৰ ৰাজ্যখনৰ সচেতন সকলো লোকেই নিশ্চয় আজি কিছুদিন ধৰি সংবাদ মাধ্যমযোগে লক্ষ্য কৰিছে যে একাংশ ব্যক্তিৰ তৰ্ক- বিতৰ্কৰ মাজত শব্দই যেন সভ্যতা হেৰুৱাইছে৷ তাতোকৈ দুৰ্ভাগ্যজনক কথা হৈছে যে এই শব্দ প্ৰক্ষেপণকাৰীসকলৰ অধিকাংশ আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধি৷ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বোকা ছতিওৱাৰ যুদ্ধ অথবা একোটা দলৰ বিভাজিত গোটসমুহৰ তৰ্কবিতৰ্কই শালীনতাৰ সীমা পাৰ কৰিছে৷ এই প্ৰবণতাই যে আগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পটভূমিকে পংকিল কৰিব তেনে নহয়, ভৱিষ্যত অসমৰ এক ভয়াবহ সামাজিক অৱক্ষয়ৰো ইংগিত বহন কৰে৷ সহনশীলতাৰ অভাৱত অশালীন মৌখিক যুদ্ধ — বিগ্ৰহত লিপ্ত হোৱাৰ প্ৰবণতা এতিয়া নিৰব ঘাটকৰ ৰূপত সমগ্ৰ সমাজখনতে বিয়পি পৰিছে৷ ভাবি চাব লগা কথা হৈছে সমাজত বসবাস কৰা লোকসকলে বিশেষকৈ আজিৰ আধুনিক শিক্ষাৰ যুগত ইজনে সিজনক মৰ্যাদাসম্পন্নভাবে সমালোচনা কৰিবলৈ শব্দৰ নাটনি হৈছে নেকি? আমি ভাবো কঠোৰতকৈও কঠোৰ সমালোচনাৰ বাবেও আছে শক্তিশালী আৰু শুদ্ধ শব্দ৷ সহানুভূতিশীল যোগাযোগেৰে মানুহৰ মাজত সম্পৰ্ক স্থাপন বিষয়ক এখন জনপ্ৰিয় কিতাপ ‘ নন ভায়লেন্ট কমিউনিকেচন এ লেংগুৱেজ অব্ লাইফ’ৰ লেখক মাৰ্ছেল বি ৰ’জেনবাৰ্গৰ মতে Life alienating communication has deep philosophical and political roots . বৰ্তমান সময়ত প্ৰদুষিত শব্দই যেন আমাক ভয়, শংকা, হতাশা আৰু দুৰ্বোধ্যতাৰ মাজত বুৰাই ৰাখি দিগবিদিগ শূন্য কৰি তুলিছে৷ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ কৰোতে অতি কটু শব্দৰ প্ৰয়োগৰ সপক্ষে যুক্তি দৰ্শাই এক বন্ধুয়ে কৈছিল — আজিৰ নিৰ্দয় পৃথিৱীত জীয়াই থাকিবলৈ হ’লে তুমি নিৰ্দয় হ’বই লাগিব৷ আমি কথাষাৰ মানি ল’ব নিবিচাৰো৷ কিয়নো আমিয়েই নিৰ্দয় কৰিছো পৃথিৱীখন, সলনিও কৰিব লাগিব আমিয়েই৷ আমি ভাবো এই পৰিবৰ্তনৰ প্ৰাথমিক চৰ্ত হৈছে ইতিবাচক দৃষ্টিভংগী৷ কিন্তূ জীৱনৰ জটিলতম মূহূৰ্ততো ইতিবাচক দৃষ্টিভংগী ধৰি ৰাখিব পাৰি কেনেকৈ? ইয়াৰ উত্তৰ আছে জাৰ্মান কনচেনট্ৰেচন কেম্পত শাৰী পাতিব লগা নিষ্ঠুৰ সময়ৰ মাজতো নাৎসী আমোলৰ ৰূহ আৰক্ষী বিষয়াজনৰ প্ৰতি সহানুভূতিশীল হৈ থকা Etty Hillesum ৰ কথাত৷ সহানুভুতিৰে তেওঁ বিষয়াজনক সুধিছিল- “ তোমাৰ শৈশৱ খুউব অসুখী আছিল নেকি অথবা তোমাৰ মৰমৰ প্ৰেমিকাই তোমাক প্ৰতাৰণা কৰিছিল? ” হতাশাগ্ৰস্ত আৰু মানসীক ভাবে দুৰ্বল আৰক্ষী বিষয়াজনক তেঁও সেই অৱস্থাতো মানসিক পৰিচৰ্যা কৰিবলৈ চেষ্টাৰ ক্ৰটি কৰা নাছিল৷ সেয়াই হৈছে সহানুভূতিশীল যোগাযোগ৷ সহমৰ্মিতাৰ জগত এখন সৃষ্টিৰ ক্ষেত্ৰত ভাষা আৰু শব্দ প্ৰয়োগৰ এক গুৰুত্বপুৰ্ণ ভুমিকা থাকে৷ আনহাতে হৃদয়ৰ পৰা হৃদয়লৈ সাঁকো গঢ়িবলৈ হ’লে আমি কথা কোৱাৰ লগতে কথা শুনাৰো অভ্যাস গঠন কৰিব লাগিব৷ বৰ্তমান সময়ৰ বহু টেলিভিচন টক শ্ব’ ত এজনে আনজনৰ কথা ভালকৈ শুনি নোলোৱাৰ ফলতো কিছুমান শ্ৰুতিকটু শব্দৰ অবাঞ্চিত প্ৰয়োগ দেখা যায়৷ তাৎক্ষণিক প্ৰতিক্ৰিয়াতকৈ বিষয়টো সম্পৰ্কে গভীৰ অনুভৱ আৰু সচেতনতাই শব্দৰ প্ৰক্ষেপন সঠিক কৰি তোলে৷ বিপৰীত পক্ষৰ প্ৰতি সন্মান আৰু সৌজন্য, সততা আৰু স্পষ্টতাৰে দিয়া উত্তৰত শব্দৰ সঠিক প্ৰয়োগ নিশ্চিত হয়৷ কেবল চিঞৰ- বাখৰৰ পৰিবৰ্তে তেনে আলোচনাইহে ৰুচিশীল দৰ্শকক অধিক আকৃষ্ট কৰে৷ বিভিন্ন মাধ্যমযোগে দেখা পোৱা এই বিশেষ ব্যক্তিসকলৰ শব্দ অপপ্ৰয়োগৰ উৎস বিচাৰি কিছু গভীৰলৈ গ’লে মনলৈ প্ৰশ্ন আহে আমি দৈনন্দিন জীৱনতো কৰ্ষণ কৰি আছো নেকি এই শব্দৰ উগ্ৰবাদ৷ এই যে ট্ৰেফিক জামত অসাবধানবশতঃ কোনো এজন চাইকেল আৰোহী আহি আমাৰ গাড়ীৰ আগত সোমাব খুজিলে স্বতঃস্ফূৰ্তভাবে মুখেৰে ওলাই আহে —“ ঐ পাগল নেকি? ” অফিচ পিয়ন এজনে নিৰ্দিষ্ট কাগজখন বিচাৰি আনিব নোৱাৰি ভুল এখন আনিলে৷ ” মুৰ্খ এইখন নহয় ’ ওপৰত উল্লেখিত লেখক ৰজেনবাৰ্গৰ মতে এইধৰণৰ কঠোৰ শব্দ প্ৰয়োগৰ সময়ত আমি কেবল বিপৰীত পক্ষৰ ভুলটোহে বিবেচনা কৰি নিজক বিশ্লেষণ কৰাৰ সুযোগ নলও৷ ভাষা আৰু হিংসাৰ মাজৰ সম্পৰ্কক লৈ গবেষণা কৰা কলাৰেডো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক অ জে হাৰ্ভিয়ে বিভিন্ন কেতবোৰ দেশৰ সাহিত্য ৰচনাৰ টুকুৰা সংগ্ৰহ কৰি তালিকাভুক্ত কৰিছিল৷ ইয়াৰ পিছত তেওঁ বিশ্লেষণ কৰিছিল কোনসমুহ ৰচনাত ব্যক্তিক তাৎক্ষণিকভাবে বিচাৰ কৰি নিৰ্দিষ্ট শ্ৰেণীভুক্ত কৰা শব্দৰ প্ৰয়োগ বেছি৷ তেওঁৰ অধ্যয়নে দেখুৱাইছিল যে সেই দেশসমুহৰ সমাজত হিংসাৰ স্থান কম, যি দেশৰ সাহিত্য- সংস্কৃতিত মানবীয় অভাবসমুহক অধিক গুৰুত্ব দিয়া হয়৷ ইয়াৰ বিপৰীতে যিসমুহ দেশত ব্যক্তিক তাৎক্ষণিকভাবে ভাল বা বেয়া বুলি বিচাৰ কৰি তালিকাভুক্ত কৰা শব্দৰ পৰিমাণ বেছি তেনে দেশৰ সংস্কৃতিত হিংসাৰ প্ৰাধান্যও অধিক৷ কেবল শব্দৰ হিংসাই কেতিয়াবা তচনচ কৰিব পাৰে পৰিয়াল, জাতি অথবা দেশ৷ আমাৰ মাজত বৃদ্ধি পাই অহা এই শব্দ হিংসাৰ উপশম ঘটাবলৈ আমি আনৰ অনুভতিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে তাৎক্ষণিকভাবে বিচাৰ কৰি ব্যক্তিক শ্ৰেণীভুক্ত কৰাৰ প্ৰবণতা পৰিহাৰ কৰিব লাগিব৷ প্ৰখৰ ৰ’দত ৰাজপথৰ ভিৰৰ মাজত চাইকেল চলাই সামান্য অসাবধানতাৰ বাবে গাড়ীৰ সমুখত আহি পৰা ব্যক্তিজন বাস্তৱিকতে “ পাগল ’ নহয় , অথবা প্ৰয়োজনীয় কাগজখন বিচাৰি আনোতে এবাৰ ভুল কৰা অফিচ পিয়নজনো “ মুৰ্খ ’ নহয়৷ সহমৰ্মিতাইহে আমাক এখন নতুন আৰু নিৰাপদ পৃথিৱী গঢ়াত সহায় কৰিব৷ দোষাৰোপ কৰাতকৈ বিপৰীত পক্ষৰ অভাব আৰু অনুভুতিক জানিব বিচাৰিলেহে আমি আমাৰ ভিতৰৰ সুপ্ত মানবতাবোধক চিনাক্ত কৰি হতাশাৰ পৰা মুক্ত হৈ সুন্দৰ শব্দৰ তালিকা এখন গঢ়ি তুলিব পাৰিম৷ কেবল শব্দৰ প্ৰাচুৰ্য্যৰে হৃদয়ৰ খিৰিকী খুলিব পৰা যায়৷ যিদৰে আপোনাৰ আৰু মোৰ মনৰ মাজত প্ৰাচীৰ তৈয়াৰ কৰিবলৈও দুটামান কঠোৰ শব্দই যথেষ্ট৷
এই লেখাৰ শিৰোনাম ধাৰ কৰা হৈছে Ruth Beber Meyer ৰ এটা কবিতাৰ পৰা৷
Words are windows or they are walls,
They sentence us, or set us free.
When I speak and when I hear,
Let the love light shine through me.
বাহিৰা কিতাপ৷ হয় তেনেকৈয়ে কোৱা হৈছিল সেই কিতাপবোৰক৷ এতিয়াও হয়তো কয়৷ বাহিৰা মানে পাঠ্যক্ৰমৰ বাহিৰৰ৷ পঢ়াৰ সময়ত লুকাইচুৰকৈ মেলি লোৱাটো ভয়ংকৰ অপৰাধ৷ শাস্তি আছিল গালিৰ পৰা চৰ পৰ্যন্ত৷ তথাপি আপোন আছিল কিতাপবোৰ৷ চাৰিআলিৰ সৰু লাইব্ৰেৰীটোত কিতাপনো আছিল কিমান! ক…
Read Moreসৰুতে চাৰ্কাচ চাইছিল নিশ্চয়৷ সেই বয়সৰ মানসিক সমলৰে এনেকুৱা লগা নাছিল নে যে দুনিয়াৰ আতাইতকৈ জনপ্ৰিয় ব্যক্তিজন হৈছে চাৰ্কাচৰ জ’কাৰ জন৷ অৰ্থাৎ জনপ্ৰিয়তা বিষয়টো আপেক্ষিক৷ জনপ্ৰিয় হলেই আমি এজন ব্যক্তিৰ পৰা সামাজিক দায়বদ্ধতা আশা কৰিব পাৰিম জানো? জনপ্ৰিয় ব্যক…
Read More