নিৰ্বাক প্ৰজন্ম

August 29, 2021 Maini Mahanta

ৰেলযাত্ৰাৰ মুখামুখি দুই আসনৰ এখনত মধ্যবয়সীয়া এজন পুৰুষ আৰু এগৰাকী মহিলা ৷ সমুখৰ আসনত মবাইলত মুৰ গুজি থকা এজন যুবক ৷ পুৰুষ আৰু মহিলাই কথা পাতিবলৈ আৰম্ভ কৰিলে -আপুনি কোন ষ্টেচনত নামিব ?…..ষ্টেচনতঅ মইয়ো তাতেই নামিম৷ আপোনাৰ ঘৰো তাতেই নেকি ?হয় হয় , আৰু আপোন…

Share on

(নেলচন মেণ্ডেলাৰ সৰু জীয়ৰী জিন্দিছা মেণ্ডেলা ৷ মেণ্ডেলাক ৰাজনৈতিক বন্দী হিচাপে আটক কৰি লৈ যোৱাৰ সময়ত তেঁও চাৰি বছৰীয়া আছিল আৰু ঘৰত দেউতাকৰ সান্নিধ্য নোপোৱাকৈয়েই যুবতী হৈছিল ৷ যোৱা জুলাই মাহত কবি সমাজকৰ্মী জিন্দিৰ কভিড আক্ৰান্ত হৈ মৃত্যু হয় ৷ বাৰ বছৰ বয়…

Share on

পঢ়ি খুব ভাল লগা এইখন কিতাপ ৷ চুজান কেইনৰ ’কোৱাইট’(Quiet) ৷ নিউইয়ৰ্কৰ ক্ৰাউন পাব্লিচাৰ্ছে প্ৰকাশ কৰা আৰু হাৰ্ভাৰ্ড ল স্কুলৰ স্নাতক চুজানে লিখি উলিওৱা কিতাপখনৰ বিষয়বস্তুৱে নিজৰ জীৱনক লৈ কৰা কিছুমান ভুল সম্পৰীক্ষাৰ বিষয়ে সোঁৱৰাই দি বহু সময়লৈ মনটোক এক মিশ্…

Share on

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ দুজন ছাত্ৰই মুকলিকৈ কথা পাতিছিল জন পাৰ্কিনছৰ কনফেছন অব্ এন ইকনমিক হিটমেন নামৰ কিতাপখনৰ বিষয়ে ৷ ইয়াৰে এজন আমেৰিকান আৰু আনজন ভাৰতীয় ছাত্ৰ ৷ কথাৰ শেষত আমেৰিকান ছাত্ৰজনে ক’লে- “এটা কথা ঠি…

Share on

জাতীয়তাবাদৰ প্ৰসংগত

আশীৰ দশকৰ আৰম্ভণিত কলেজৰ দুৱাৰডলি গচকা আমাৰ সমসাময়িক সকলোৰে বাবে অসম আন্দোলন এতিয়া এক নষ্টালজিয়া ৷ পুৱা কটন কলেজৰ হোষ্টেলৰ পৰা শ্ৰেণীকোঠাৰ পৰিবৰ্তে কেতিয়াবা উপায়ুক্ত কাৰ্যালয়ত ধৰ্না দিবলৈ আৰু আন কেতিয়াবা জজ্ ফিল্ডৰ বিৰাট সমাবেশলৈ ৷ পুলিচ, চি আৰ পিৰ খেদাখেদিত আমাৰ লগৰ কিমানৰ যে চেন্ডেলৰ ফিতা ছিগিল, কিমানৰ কিতাপৰ বেগ হেৰাল…..৷

মৰে অসম জীয়ে কোন , জীয়ে অসম মৰে কোন বুলি অসমৰ বিশাল জনতাক জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ কৰি সেই অবিস্মৰণীয় আন্দোলনটোৰ নেতৃত্ব লৈছিল একাংশ উজ্জীৱিত তৰুণে ৷ তেঁওলোকৰ অগ্নিময় ভাষণত ঠাই পাইছিল এটা জাতিৰ শক্তিশালী বুনিয়াদ গঢ়াৰ প্ৰতিজ্ঞা ৷ অসম চুক্তি স্বাক্ষৰেৰে ছবছৰীয়া আন্দোলনৰ ইতি পেলাই যেতিয়া অসম গণ পৰিষদ দলে ৰাইজৰ সীমাহীন সমৰ্থনেৰে চৰকাৰ গঠন কৰিছিল, তেতিয়া সকলোৰে বাবে কল্পনাৰো অগোচৰ আছিল যে এই আঞ্চলিক দলটোৱে এদিন অতি পুতৌ লগা পৰিস্থিতিত ৰাষ্ট্ৰীয় দল এটাৰ পৰা দুটামান সমষ্টিত টিকট পাবৰ বাবে ’হয় হুজুৰ’ হৈ পৰিব! যোৱা তিনিটা দশকৰ অসমৰ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই কেবল অসমত জাতীয়তাবাদী শিবিৰৰ সকৰুণ ইতিহাস লিপিবদ্ধ হ’ল ৷ এটা দল ক্ষমতাচ্যুত হোৱা আৰু আন এটা ক্ষমতাত অধিষ্ঠিত হোৱাটো নতুন কথা নহয় ৷ অকল্পনীয় বিফলতাৰে মুখথেকেচা খোৱাৰ পিচতো মূৰ ডাঙি উঠি পূৰ্বৰ ঠাইত অধিষ্ঠিত হোৱা ৰাজনৈতিক দলৰ উদাহৰণ ভাৰতবৰ্ষতে বহু আছে ৷ অসম গণ পৰিষদ দলে বহু ভুল কৰিলে আৰু তাৰ পৰিণাম স্বৰূপে ৰাইজে তেঁওলোকক ক্ষমতাচ্যুত কৰিলে ৷ প্ৰকৃত জাতীয়তাবাদৰ ভাবধাৰাৰে উদ্বুদ্ধ আৰু নিৰপেক্ষ অধিকাংশ নাগৰিকে ভাবিছিল যে নিজৰ দোষত এঘৰীয়া হোৱা এই দলটোৰ নেতাসকলে অনুতপ্ত হৈ আগৰ ভুল শুধৰাই লৈ পুনৰ নতুন উদ্যমেৰে দলীয় কাম-কাজ আৰম্ভ কৰিব ৷ কিন্তু ইয়াৰ বিপৰীতে বিভিন্ন চল-চাতুৰীৰে দলৰ নেতৃত্ব লাভ কৰিলে কেইজনমান সুবিধাবাদী নেতাই- ‘মন্ত্ৰীত্বই যাৰ শেষ পৰিণতি, এছেম্বলীয়েই যাৰ আশা’ ৷ নতুন নতুন মুখ সোমোৱাটো দূৰৰ কথা, তেঁওলোকৰ স্বেচ্ছাচাৰীতাত অতিষ্ঠ হৈ আঁতৰি গ’ল বহুকেইজন প্ৰতিভাশালী জনগোষ্ঠীয় নেতা ৷ এই পৰিস্থিতিৰ পূৰ্ণ সুযোগ লাভ কৰিলে জাতীয়তাবাদক নিঃশেষ কৰিবলৈ সুযোগৰ অপেক্ষাত থকা আগ্ৰাসী ৰাষ্ট্ৰীয় দলসমুহে ৷ এমুঠিমান সৎ আৰু প্ৰকৃত জাতীয়তাবাদী নেতাক বাদ দি সামগ্ৰিকভাৱে দলটোৰ নেতৃত্বৰ মাজত দেখা দিলে অৰিয়াঅৰি আৰু খামখেয়ালী ৷ আটাইতকৈ দূৰ্ভাগ্যজনক কথাটো হ’ল অসম মৰিলে আমিও মৰিম বোলা নেতাসকলে ক্ষমতাত নাথাকিলে কেৰিয়াৰ বৰবাদ আদৰ্শৰে উদ্বুদ্ধ হৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক অনেক নাটক কৰি উঠি সমৰ্থন জনালে ৷ এতিয়া ৰাষ্ট্ৰীয় দলৰ কৰুণাত নিজৰ নিজৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰিবলৈ উঠিপৰি লগা নেতাসকলে ইতিমধ্যে উপলব্ধি কৰিছে নেকি যে অসমত জাতীয়তাবাদৰ কোনো ভৱিষ্যত নাই ৷ উগ্ৰ জাতীয়তাবাদী কেতবোৰ কাৰ্যকলাপক সময়ে সময়ে সমালোচনা কৰি আহিলেও এটা কথা মানি লব লাগিব যে জাতীয়তাবাদ মানে বিচ্ছিন্নতাবাদ নহয় ৷ কেন্দ্ৰৰ সকলো কথাতে হয়ভৰ দিবলৈ বাধ্য হৈ নাথাকি ভৌগোলিক অৱস্থানেৰে কিছু নিলগৰ , বৈচিত্ৰ্যপূৰ্ণ সামাজিক -সাংস্কৃতিক পৰিস্থিতিৰ , বিভিন্ন জনগোষ্ঠীৰ এই ৰাজ্যখনৰ প্ৰকৃত সমস্যাবোৰ বলিষ্ঠ ৰূপত আঙুলিয়াই দিবলৈকে এটা জাতীয়তাবাদী দলৰ প্ৰয়োজন ৷ অসমৰ ক্ষেত্ৰত কেন্দ্ৰই বহুকেইটা সিদ্ধান্তই অবিবেচকী আৰু বেপৰোৱাভাবে গ্ৰহণ কৰিছে ৷ ইয়াৰে শেহতীয়া উদাহৰণ হৈছে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ আইনেৰে অসমত জাপি দিব খোজা বিদেশী নাগৰিকৰ বোজা ৷ আঠশৰো অধিক ছহিদৰ বলিদানেৰে সমাপ্ত হোৱা অসম আন্দোলনৰ ফলত স্বাক্ষৰিত অসম চুক্তিক অবমাননা কৰা এই কান্ডৰ সময়তো একাংশ তথাকথিত ফায়াৰব্ৰেন্ড জাতীয়তাবাদী নেতা ব্যস্ত হৈ আছে ৰাষ্ট্ৰীয় দলক তোষামোদ আৰু কৰুণা ভিক্ষা কৰাত ৷ এই নেতাসকলে ভবাৰ ধৰণে অসমত এতিয়া জাতীয়তাবাদৰ পুলি-পোখা উভালি পৰিছে নেকি? নিশ্চয় নহয় ৷ ইয়াৰ বিপৰীতে প্ৰকৃত জাতীয়তাবাদী শক্তিৰ পুনৰুথ্বানৰ বাবে এয়াই হৈছে সুৱৰ্ণ সময় ৷ অসমৰ জনগণৰ অধিকাংশৰ মাজত এতিয়াও জাতীয়তাবাদী চিন্তাৰ ধাৰাবাহিকতা অটুট আছে ৷ বিশেষকৈ কোনোকালে নোহোৱা ধৰ্মৰ ভিত্তিত অসমক বিভাজন হ’বলৈ নিদিবৰ বাবেই এতিয়া অসমত প্ৰকৃতাৰ্থতে এটা ধৰ্মনিৰপেক্ষ জাতীয়তাবাদী শক্তিৰ প্ৰয়োজন ৷ প্ৰলোভন নেওচি অথবা অন্য যি কাৰণতে নহওক এতিয়াও জাতীয়তাবাদৰ নীতি-আদৰ্শক জলাঞ্জলি নিদিয়াকৈ থকা মুষ্টিমেয় নেতাসকলে যদি ব্যক্তিগত স্বাৰ্থ বাদ দি একত্ৰিত ভাবে সৰ্বশক্তিৰে এই বিভাজনৰ ৰাজনীতিক প্ৰতিৰোধ কৰিব পাৰে , তেনে নেতাসকলক অসমৰ ৰাইজে এদিন নিশ্চয় আঁকোৱালি ল’ব ৷ আনহাতে অসমৰ জাতীয় স্বাৰ্থত , জাতীয় বৈশিষ্ট্যত আঘাট কৰা কেন্দ্ৰৰ আঁকোৰগোজ নীতয়ে অসমত বিচ্ছিন্নতাবাদ শক্তিশালী কৰাতহে সাৰ-পানী যোগাব ৷ আন্দোলনৰ ফলত কেবল শ্বহীদহে বাঢ়িব বুলি কৈ কনকলতা -মুকুন্দ কাকতি, অনিল বৰা-মোজাম্মিল হকৰ পৰা ছেম ষ্টেফৰ্ড-আব্দুল আমিনলৈে অসমৰ শ্বহীদক অপমান কৰা ৰাষ্ট্ৰীয় নেতাক সুধাকণ্ঠৰ ভাষাৰে উত্তৰ দিব লাগিব আজিৰ প্ৰকৃত জাতীয়তাবাদী নেতাই –’জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকিয়ালো এয়ে শেষবাৰ , সূৰ্য্যৰ ফালে চাই সংগ্ৰাম কৰিবলে অসমৰো আছে অধিকাৰ ৷ ’

Share on